অসম ৰাজ্যিক পৰিবহণ নিগমে নিৰ্ভৰযোগ্য, নিৰাপদ আৰু আৰামদায়ক যাত্ৰী সেৱা আগবঢ়াই আহিছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱাই ৰাজ্যৰ গ্ৰাম্য আৰু পাহাৰীয়া পথসমূহ, ঘাইপথসমূহ লগতে চহৰৰ পথসমূহ সামৰি লয়। তদুপৰি এই সেৱাই চুবুৰীয়া ৰাজ্যলৈ যাবলৈ আন্তঃৰাজ্যিক পৰিবহণ সেৱা প্ৰদান কৰে।
এএছটিচি য়ে ৫৮৫ বাছেৰে সেৱা কাৰ্য্য প্ৰদান কৰি আহিছে। ইয়াত দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰা শীত তাপ নিয়ন্ত্ৰিত আৰু শীত তাপ নিয়ন্ত্ৰণ ৰহিত হাইটেক লাক্সিউৰী বাছ আৰু চহৰ আৰু গ্ৰাম্য অঞ্চলত চলা হাইটেক ছেমি আৰু মিনি ডিলাক্স বাছো আছে। এএছটিচি ৰ অধীনত চলা বহু ব্যক্তিগত বাছো আছে। ২০১৩ চনত নিগমে গ্ল’বেল পজিশ্যনিং চিষ্টেম-বেছড ট্ৰেকিং চিষ্টেম সংসাধন কৰি দক্ষতাপূৰ্ণ চহৰ সেৱা নিশ্চিতকৰণৰ উদ্দেশ্যে প্ৰস্তাৱ গ্ৰহণৰ বাবে আলোচনাত মিলিত হয়।