মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

মুখ্যমন্ত্ৰী গ্ৰামীণ পৰিবহণ যোজনা ২০১৭

  • পৰিচিতি

    ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে মসৃণ ৰূপত পৰ্যাপ্ত ৰাজহুৱা পথ পৰিবহণ সংযোগ অতিকৈ প্ৰয়োজনীয়। সকলো শ্ৰেণীৰ লোকৰ বাবে বিশেষকৈ অসমৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰা লোকসকল যিয়ে ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৮৬ শতাংশ আৱৰি আছে এই সকলো লোককে সামৰি লৈ এই সংযোগ উপলব্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন নিশ্চিতকৰণৰ বাবে জনসংখ্যাৰ সমান ৰূপত উন্নয়ন সাধনত জোৰ দিয়াটো এক বিষয় যিয়ে সবাটোকৈ অধিক গুৰুত্ব বহন কৰে। কিন্তু এই সময়লৈকে ৰাজহুৱা পথ পৰিবহণ সুবিধাসমূহ সমভাৱে বিতৰণ কৰা হোৱা নাই। নগৰ অঞ্চলত ঘনকৈ এই সুবিধা উপলব্ধ কৰোৱাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত এই সুবিধা এতিয়াও সেৰেঙা। ইয়াৰ ফলস্বৰূপে গ্ৰাম্য জনসংখ্যাৰ এক শ্ৰেণীৰ লোক তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি সাধন কৰিবলৈ প্ৰয়োজনীয় সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। কল্যাণকামী ৰাষ্ট্ৰত এনে বৈষম্য দূৰ কৰাটো অতিকৈ প্ৰয়োজনীয়।

    গ্ৰাম্য জনসাধাৰণৰ ভ্ৰমণৰ প্ৰয়োজনীয়তা

    অত্যাধুনিক সুবিধাসমূহৰে সৈতে জড়িত বিষয়সমূহ হৈছে – (১) উচ্চ শিক্ষা, (২) বিশেষত্বপূৰ্ণ স্বাস্থ্য সুবিধাসমূহ, (৩) উদ্যোগ, (৪) ব্যৱসায় স্থান, (৫) নিয়োগ সৃষ্টিকাৰী সংস্থাসমূহ আৰু (৬) বজাৰ স্থান। এই সমূহ সুবিধাসমূহ নগৰাঞ্চলত ঘনকৈ উপলব্ধ। সেয়েহে এই সুবিধাসমূহ লাভ কৰিবলৈ গাঁৱৰ মানুহে বহু দূৰ বাটকুৰি বাই চহৰলৈ ঢাপলি মেলিবলগীয়া হয়। নগৰ অঞ্চলত জনসংখ্যা বিস্ফোৰণ আৰু তাৰ লগেলগে অত্যাধুনিক সুবিধাসমূহৰ বৃদ্ধি আৰু পথ পৰিবহণৰ বিস্তৃতকৰণে গ্ৰাম্য জনসাধাৰণৰো চহৰ ভ্ৰমণ প্ৰয়োজনীয়তা সমানে বৃদ্ধি হোৱাত অৰিহণা যোগাইছে।

    ৰাজ্যৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা জনসাধাৰণৰ বাবে ৰাজহুৱা পথ পৰিবহণ যোগাযোগৰ সুবিধা বৃদ্ধি কৰাটো সম্প্ৰতি অতি প্ৰয়োজনীয় বিষয় ৰূপে পৰিগণিত হৈছে।

    সাম্প্ৰতিক প্ৰস্তাৱ

    ৰাজ্যিক পথ পৰিবহণ নিগম আইন ১৯৫০ প্ৰণয়নৰ লক্ষ্য অনুসৰি ইয়াৰ বাবে জনসাধাৰণলৈ পৰ্যাপ্ত সুবিধা, মিতব্যয়ী আৰু নিৰ্ভৰযোগ্য ৰাজহুৱা পৰিবহণ সেৱা প্ৰদান কৰিবলৈ অসম ৰাজ্যিক পৰিবহণ নিগম সংকল্পবদ্ধ।

    অসম ৰাজ্যিক পৰিবহণ নিগমে সম্প্ৰতি ইয়াৰ দৈনন্দিন কাৰ্য্য সম্পাদনৰ বাবে আধুনিক ডিজিটেল প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে ইলেকট্ৰনিক টিকট প্ৰদান পদ্ধতি, স্বয়ংক্ৰিয় ব্ৰেকডাউন পৰিচালন পদ্ধতি, জি পি এছ বাছ টিকট পদ্ধতি ইত্যাদি সেৱা আগবঢ়াইছে।

    এই নতুন কাৰ্য্যসম্পাদন পৰিৱেশত কাৰ্য্য সম্পাদন কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে এক নিপুণ আৰু প্ৰযুক্তিৰ দিশত দক্ষ কাৰ্য্যকৰী গোট নিয়োগ কৰিছে। সুদক্ষ কাৰ্য্যকৰী গোট আৰু আধুনিক প্ৰযুক্তিৰ সহায়েৰে অসম ৰাজ্যিক পৰিবহণ নিগমে সম্প্ৰতি যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম। ‘মুখ্যমন্ত্ৰী গ্ৰামীণ পৰিবহণ যোজনা’ নামে এটি আশাপূৰ্ণ কাৰ্য্যক্ৰম সংসাধনৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে চৰকাৰৰ প্ৰতিচ্ছবি সফলতাৰে দাঙি ধৰিব।

    বাট

    বহু দূৰণিবটীয়া গাওঁ আজিও ৰাজহুৱা পথ পৰিবহণ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই গাঁৱৰ লোকসকলে ৰাজহুৱা পৰিবহণ বাহন লাভ কৰিবলৈ বহুদূৰ বাট খোজকাঢ়ি আহিবলগীয়া হয়। এই অসুবিধা দূৰ কৰিবৰ বাবে এনে দূৰণিবটীয়া গাওঁ মূল পথৰ সৈতে সংযোগ কৰিবলৈ বাট ঠিক কৰা হৈছে।

    প্ৰতিদিনে ৩,০২,৪২২ কিলোমিটাৰ আৱৰাৰ লক্ষ্য ঠিক কৰা হৈছে যিয়ে দৈনন্দিন ৰূপত ১,২০,৯৬,৮৮০ পেছেঞ্জাৰ কে এম সৃষ্টি কৰিব।

    Annexure-A ত পথসমূহৰ তালিকাকৰণ কৰা হৈছে

    প্ৰয়োজন হোৱা খৰচ

    • বাছ ক্ৰয় কৰিবলৈ সাম্ভাব্য হিচাপ
    • এখন সম্পূৰ্ণ বাছৰ প্ৰাথমিক মূল্য (৩৭+২ ছিটযুক্ত, ছিট লে’আউট ২x২) মূল্য ১৬,০০,০০০.০০/- টকা
    • টি চি এছ ১%+১৬,০০০.০০/- টকা = ১৬,১৬,০০০.০০/- টকা।
    • সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ২৮% (বৰ্তমান সময়ত প্ৰযোজ্য অনুসৰি) + ৪,৫২,৪৮০.০০ টকা = ২০,৬৮,৪৮০.০০/- টকা
    • এল ই ডি ডিচপ্লে’ ইনষ্ট’লেশ্যন, মনিটৰ আই টি এম এছ হাৰ্ডৱেৰ ইত্যাদি (নিৰ্ধাৰিত সামগ্ৰী আৰু সেৱা কৰ সংযোগ কৰি) খৰচ + ২,২৫,০০০.০০/- টকা = ২২,৯৩,৪৮০.০০/- টকা
    • বীমা, পঞ্জীয়ন ইত্যাদি + ৬০,০০০.০০/- টকা = ২৩,৫৩,৪৮০.০০/- টকা। প্ৰতিখন সম্পূৰ্ণকৈ গঢ়ি তোলা বাছৰ মূল্য প্ৰায় ২৪,০০,০০০.০০/- টকা (চৌব্বিশ লাখ টকা)
    • ৮৩৩ খন সম্পূৰ্ণকৈ গঢ়ি তোলা বাছৰ মূল্য (২৪ লাখ টকা x ৮৩৩) ২০০,০০,০০,০০০.০০/- টকা (দুশ কোটি টকা)

    লাভালাভ

    (১) আৰ্থ-সামাজিক উন্নয়ন সাধন: অসমৰ মুঠ জনসংখ্যাৰ ৮৬% গাঁৱত বাস কৰা হেতুকে গ্ৰাম্যাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নকহে ৰাজ্যৰ প্ৰকৃত উন্নয়ন বুলি বিবেচনা কৰিব পাৰি। ৰাজ্যৰ পৰিবহণ সংযোগ অসমৰ গাঁৱত বসবাস কৰা লোকসকলৰ সৈতে সঠিক ৰূপত সংযুক্ত হ’লেহে অসমৰ গ্ৰাম্য উন্নয়নে অসমৰ সৰ্বাংগীন বিকাশ সাধনত অৰিহণা যোগাবলৈ সক্ষম হ’ব।

    (২) নিয়োগ: চালক পৰিচালক আৰু মেকানিকৰ জোখাৰে ই প্ৰত্যক্ষ নিয়োগৰ সুবিধাৰ সৃষ্টি কৰি অসমৰ ৩৩৩২ গৰাকী যুৱকক কামত নিয়োগ কৰিব। এই জোখাৰে প্ৰতিখন বাছৰ বিপৰীতে ১.৫ গৰাকী চালক, ১.৫ গৰাকী পৰিচালক আৰু এগৰাকীকৈ যান্ত্ৰী বা মেকানিক থাকিব। ইয়াৰ উপৰিও আৰু বহুটো প্ৰত্যক্ষ নিয়োগৰ সুবিধা থাকিব। এনেদৰে ৰাজ্যৰ জ্বলন্ত নিবনুৱা সমস্যা সমাধান কৰাত ই অৰিহণা যোগাব।

    (৩) বে-আইনী কাৰ্য্যকলাপ আৰু বিদ্ৰোহ হ্ৰাস: নিবনুৱা সমাস্যা দূৰীকৰণ আৰু গ্ৰাম্য জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশ সাধনৰ লগতে ই বে-আইনী কাৰ্য্যকলাপ সংগঠিত কৰিবলৈ বিপথে পৰিচালিত হোৱা বা বিদ্ৰোহী গোটত যোগদান কৰা যুৱকসকলক সঠিক পথলৈ অনাৰ বাবে জোৰ দিয়ে।

    চৰকাৰে বৰ্তমানে প্ৰধানকৈ গুৰুত্ব প্ৰদান কৰা বিষয়টো হৈছে ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ বা চমুকৈ ‘পি এম জি এছ ৱাই’ ৰ সংসাধন আৰু পথৰ আন্তঃগাঁথনিৰ উন্নিতকৰণ আৰু বিস্তৃতকৰণ। ইয়াৰ বাবে পথৰ ঘনত্ব ইতিমধ্যে বৃদ্ধি কৰা হৈছে।

    মুখ্যমন্ত্ৰী গ্ৰামীণ পৰিবহণ যোজনাৰ সঠিক সংসাধনৰ লগেলগে ৰাজ্যৰ সমগ্ৰ আৰ্থ-সামাজিক অৱস্থাক এটি নতুন উচ্চতাত উপৱিষ্ট কৰিবলৈ যত্ন কৰা হ’ব যিয়ে অসমক ভৰতৰ পাঁচখন উন্নত ৰাজ্যৰ শাৰীত স্থান লাভ কৰাটো নিশ্চিত কৰিব।