শেহতীয়া ব্যৱহাৰকাৰীৰ পৰা প্ৰকৃত আৰু সময়োচিত ফীডবেকৰ অনুপস্থিতিত প্ৰকৃত সেৱাৰ মানদণ্ড সম্পৰ্কে উপস্থাপন কৰিবলৈ উহ্য ৰূপত এটি সংগঠন থাকে। বহুসময়ত ইয়াৰ ক্ৰুতিসমূহ আঙুলিয়াই নিদিয়াকৈয়ে ৰৈ যায় ফলত সেৱাৰ প্ৰকাৰ নিম্নগামী হয়। ইয়াৰ ফলস্বৰূপে ব্যৱহাৰকাৰী সকলে বিকল্প পথৰ সন্ধান কৰে। অৱশেষত সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। অসম ৰাজ্যিক পৰিবহণ নিগমো এনে অৱস্থাৰ সন্মুখীন হৈছে।
‘এএছটিচি’ ৰ সাম্প্ৰতিক পৰিচালনা পল্টনবজাৰ, গুৱাহাটীস্থিত ইয়াৰ মুখ্য কাৰ্য্যালয়ৰ পৰা গোটেই সময়জুৰি সম্পাদনৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজনীয় অত্যাধুনিক সা-সঁজুলিসম্পন্ন সুবিধাৰে সুপ্ৰশিক্ষিত কৰ্মচাৰীৰ দ্বাৰা এয়া সম্প্ৰতি পৰিচালনা কৰা হয়। ইয়াৰ এটি ট’ল ফ্ৰী নম্বৰৰো ব্যৱস্থা কৰা হৈছে। নম্বৰটো হৈছে – ১৮০০৩৪৫৩৯৮৬। হোৱাটছ এপ নম্বৰৰো ব্যৱস্থা কৰা হৈছে – হোৱাটছ এপ নম্বৰ ৯৮৫৪০০৬০০২। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে কিবা প্ৰশ্ন থাকিলে ‘এএছটিচি’ ৰ সৈতে যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও নিয়ন্ত্ৰণ কক্ষৰ বাবে এটি ই-মেইল ঠিকনা আছে – eastccontrol@gmail.com য’লৈ ব্যৱহাৰকাৰীয়ে কিবা প্ৰশ্ন থাকিলে প্ৰেৰণ কৰিব পাৰে।
ফীডবেক, অভিযোগসমূহ নিয়ন্ত্ৰণ কক্ষটো গ্ৰহণ কৰা হয়। এইসমূহ লাভ কৰাৰ লগেলগে ততালিকে ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়ালৈ দ্ৰুত সমাধানৰ বাবে প্ৰেৰণ কৰা হয়।
ইয়াত অন্য এটি অভিযোগ গ্ৰহণ কৰা কোষ আছে। এই কোষৰ প্ৰধান বিষয়া শ্ৰী মাধৱ দত্ত।
৯৭০৬৪২০৩৮৭ ম’বাইল নম্বৰত যোগাযোগ কৰি পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিব পাৰি।
‘এএছটিচি’ ৰ যিকোনো বিষয়াৰ সৈতে যিকোনো ব্যক্তিয়ে যিকোনো সময়তে যোগাযোগ কৰিব পাৰে। এএছটিচি কাৰ্য্যালয়ৰ ৱেবচাইট www.astc.assam.gov.in ত সকলো প্ৰধান বিষয়াবৰ্গৰ যোগাযোগ নম্বৰ দিয়া হৈছে। এই সকলো সুবিধা উপলব্ধ হোৱা হেতুকে সম্প্ৰতি এএছটিচি য়ে সকলো প্ৰয়োজনীয় তথ্য সময়মতে আগবঢ়াবলৈ সক্ষম হৈছে আৰু লগতে সেৱাৰ মানদণ্ডৰ উন্নতি ঘটাবলৈ সক্ষম হৈছে।
যোগাযোগ তথ্য
নাম:শ্ৰী মাধৱ দত্ত
দূৰভাষ: ৯৭০৬৪২০৩৮৭