ধৰ্মজ্যোতি বিশেষ আঁচনিৰ অধীনত এএছটিচি য়ে তীৰ্থযাত্ৰীসকললৈ ৰেহাই মূল্যত বাছৰ যোগান ধৰে। ভাৰতৰ তীৰ্থস্থানসমূহ দৰ্শন কৰিব বিচৰা তীৰ্থযাত্ৰীসকলৰ বাবে ৫০% ভাড়া ৰেহাইৰ ব্যৱস্থা কৰা হয়। এই সুবিধা লাভ কৰিবৰ বাবে তীৰ্থযাত্ৰা কৰিব বিচৰা দলে তেওঁলোকৰ স্থানৰ এএছটিচি ৰ ষ্টেশ্যন/মণ্ডল কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগে।