মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

আমাৰ ইতিহাস

  • পথ পৰিবহণ নিগম আইন ১৯৫০ ৰ অধীনত ১৯৭০ চনৰ ৩১ মাৰ্চৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অসম ৰাজ্যিক পৰিবহণ নিগম গঠিত হয়। নিগমৰ ৰূপ দিয়াৰ আগতে এয়া অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এক শাখা আছিল। গৃহ বিভাগৰ অধীনত ‘পথ পৰিবহণ, অসম’ ৰূপেৰে ১৯৪৮ চনৰ ১৬ জানুৱাৰীৰ পৰা ই কাৰ্য্যকৰী হয়। ১৯৫০ চনৰ প্ৰথম ভাগত ইয়াক অসম চৰকাৰৰ পৰিবহণ বিভাগলৈ ৰূপান্তৰিত কৰা হয়। ১৯৭০ চনৰ ৩১ মাৰ্চত ইয়াক নিগমৰ ৰূপ প্ৰদান কৰা হোৱালৈ ই এনেধৰণেই চলি যায়।

    আৰম্ভণিৰ সময়ছোৱাত নগাওঁৰ পৰা গুৱাহাটীলৈ ১২৩ কিলোমিটাৰ দূৰত্বৰ বাট ভ্ৰমণ কৰা হিচাপত মাথো দুখন বাছৰহে চলাচল কৰোৱা হৈছিল। সেই সময়ৰেপৰা বহু উত্থান-পতনৰ মাজেৰে আহি আহি ই বৰ্তমানৰ সময় পাইছে।

    বৰ্তমানে ৰাজ্যত ১৩৫ টা এএছটিচি ষ্টেশ্যন আছে আৰু তিনিটা আন্তঃৰাজ্যিক বাছ টাৰ্মিন্যাল আছে। ইয়াত ১১০০ ৰ অধিক বাছ আছে আৰু এএছটিচি ৰ বেনাৰৰ অধীনত কাৰ্য্য সম্পাদন কৰা ১২০০ ৰ অধিক ব্যক্তিগত মালিকানাধীন বাছ আছে।

    পৰিবহণ সংযোগৰ ক্ষেত্ৰত এএছটিচি সম্প্ৰতি ৰাজ্যৰ জীৱনসুধা হিচাপে পৰিগণিত হৈছে যিয়ে ঘাইপথ আৰু চহৰৰ পথসমূহত সেৱা আগবঢ়োৱাৰ উপৰিও গ্ৰাম্য অঞ্চলসমূহতো সমানে সেৱা আগবঢ়াই আহিছে।