মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

অনলাইনযোগে বাছ টিকট বুকিং কৰিবলৈ

চিহ্নাংকসূচী:

  • www.redbus.com ত ল’গ ইন কৰি দূৰণিবটীয়া ভ্ৰমণৰ বাবে টিকট অনলাইনযোগে বুকিং কৰাৰ সেৱা গ্ৰহণ কৰিব পাৰি।
  • ‘প্লেষ্ট’ৰ’ ৰ পৰা ‘ৰেডবাচ এপ’ ম’বাইল ফোনত ডাউনলোড কৰি ল’ব লাগে।
  • যিকোনো স্মাৰ্টফোন ব্যৱহাৰ কৰি অনলাইনযোগে টিকট বুকিং কৰিব পাৰি।
  • তাৰিখ বাছি ল’ব লাগে, ক’ৰ পৰা ক’লৈ যাব স্থান ঠিক কৰি ল’ব লাগে আৰু উপলব্ধ থকা বাচ চাব লাগে।
  • বাচৰ টিকট বুকিং কৰোতে আপুনি অনলাইনযোগে ভাড়া প্ৰদান কৰিব পাৰে।
  • টিকট ছপা ৰূপত বা বাৰ্তা (SMS) ৰ ৰূপত লাভ কৰা যিকোনো এবিধ আপুনি সুবিধা অনুসৰি বাছি ল’ব পাৰে।

অৱলোকন

বাছৰ অনলাইন সেৱা ‘ৰেডবাছ’ৰ জৰিয়তে এএছটিচি বাছৰ অনলাইন টিকট ক্ৰয় কৰিব পাৰি। ৰেডবাছ হৈছে পৃথিৱীৰ সবাটোকৈ বৃহৎ অনলাইন বাছ টিকট বুকিং সেৱা যিয়ে ইয়াৰ ৱেবচাইটৰ জৰিয়তে আটাইবোৰ প্ৰধান প্ৰধান পথৰ বাবে টিকট প্ৰদানৰ সুবিধা প্ৰদান কৰে। ২০০৬ চনত বাংগালোৰত ‘ৰেডবাছ’ৰ প্ৰতিষ্ঠা কৰা হয়। সম্প্ৰতি ই দেশৰ বিভিন্ন চহৰ সামৰি লৈছে। দেশৰ ১০০,০০০ ৰ অধিক পথ সামৰি লৈ আৰু ২০০০ ৰ অধিক বাছ কাৰ্য্যকৰ্তাক সামৰি লৈ ৰেডবাছে অনলাইন টিকট বুকিং উদ্যোগৰ দিশত বিপ্লৱময় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

ৰেডবাছ এপত এনে কিছুমান বৈশিষ্ট্য আছে যিয়ে জিৰণি স্থান, ডিছকাউণ্ট ইত্যাদি আৰু বহু কথাৰ বিষয়ে ব্যৱহাৰকাৰীক তথ্য প্ৰদান কৰে।

মাচুল

এই এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ কোনো মাচুল নালাগে।

কেনেকৈ আবেদন কৰিব

www.redbus.com দৰ্শন কৰক আৰু অনলাইন টিকট বুকিং কৰক।

সেৱাৰ প্ৰকাৰ

অনলাইন: হয়

ক’ত যোগাযোগ কৰিব

অসম ৰাজ্যিক পৰিবহণ নিগম