প্ৰকল্পৰ বিৱৰণ:
বায়ু প্ৰদূষণৰ দ্বাৰা পৃথিৱী সাংঘাতিক ধৰণে ভাবুকিৰ সন্মুখীন হৈছে। গোলকীয় উষ্ণতা আৰু বায়ুমণ্ডলত পৃথিৱীৰ প্ৰাণীকুলৰ জীৱন ৰক্ষাকাৰী অ’জন স্তৰৰ ক্ষতিসাধনৰ লগে লগে মানুহ ক্ষতিকাৰক অতিবেঙুণীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহিছে যিয়ে মানুহৰ বৰ্দ্ধিত হাৰত কৰ্কট ৰোগ হোৱাত ইন্ধন যোগাইছে। ই আনকি মানুহক হাওঁফাওঁ আৰু চালৰ কৰ্কট ৰোগতো আক্ৰান্ত কৰাইছে।
গাড়ীত ব্যৱহাৰ কৰা জীৱাষ্ম ইন্ধনৰ পৰা নিৰ্গত হোৱা ধোঁৱা প্ৰদূষণ সৃষ্টিকাৰী প্ৰধান কাৰকসমূহৰ অন্যতম। এনে পৰিৱেশৰ বাবে ক্ষতিকাৰক পদাৰ্থৰ নিৰ্গমন হ্ৰাস কৰাৰ এক প্ৰধান পদক্ষেপ হৈছে জীৱাষ্ম ইন্ধন ব্যৱহৃত গাড়ীৰ ঠাইত বৈদ্যুতিক মটৰ গাড়ী ব্যৱহাৰ কৰা।
গুৱাহাটীৰ পশ্চিমে মনোমোহা নীলাচল পাহাৰত সমুদ্ৰপৃষ্ঠৰ ৮০০ ফুট উচ্চতাত কামাখ্যা মন্দিৰ অৱস্থিত। কামাখ্যা মন্দিৰ হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থান। প্ৰতিবছৰে জুন-জুলাই মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় য’ত লাখ লাখ ভক্তৰ সমাগম হয়। ইয়াৰ উপৰিও প্ৰতিদিনেই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ ইয়াত হেজাৰ হেজাৰ দৰ্শনাৰ্থীৰ সমাগম হয়। দৰ্শনাৰ্থীসকলৰ উপৰিও বহু হেজাৰ পুৰোহিত ভক্তৰ এয়া স্থায়ীভাৱে থকা ঠাই য’ত যুগ যুগ ধৰি তেওঁলোকে পৰিয়ালৰ সৈতে বসবাস কৰি আহিছে।
অসম ৰাজ্যিক পৰিবহণ নিগমে চাৰ্চফিল্ডৰ পৰা কামাখ্যা মন্দিৰলৈ দৈনিক ৰাতিপুৱাৰ পৰা গধূলিলৈ আঠখন বাছৰ সেৱা আগবঢ়াইছে। এই আটাইবোৰ বাছেই ডিজেল চালিত।
পৰিৱেশিক সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু কামাখ্যা মন্দিৰৰ বহনক্ষম ভৱিষ্যতৰ বাট মুকলি কৰিবলৈ ইয়ালৈ চলাচল কৰা বাছসমূহ পৰিৱেশ সুৰক্ষা প্ৰদানকাৰী বৈদ্যুতিক বাছেৰে সংযোগ কৰা হৈছে। যি পৰিৱেশ ৰক্ষাৰ্থে পৃথিৱীৰ সকলো দেশৰ চৰকাৰৰে গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
মা কামাখ্যা মন্দিৰত বৰ্ধিত হাৰত অসংখ্য দৰ্শনাৰ্থী ভক্তৰ সমাৱেশ হোৱা কিছু বছৰত প্ৰত্যক্ষ কৰা হৈছে। মা কামাখ্যা দেৱী দেৱোত্তৰ পৰিষদ পৰিচালনা সমিতিয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ২০১৫ চনত মাথো অম্বুবাচী মেলা উপলক্ষে ১২ লাখ দৰ্শনাৰ্থী ভক্তৰ সমাগম ঘটিছিল। ২০১৬ চনত এই সংখ্যা বাঢ়ি গৈ ১৫ লাখ আৰু ২০১৭ চনত ২০ লাখ হয়গৈ।
অনাগত ১০ বছৰত হ’বলগীয়া কামাখ্যা মন্দিৰ দৰ্শনকাৰী ভক্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা মন্দিৰ সংযোগী ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সুচল ঘটাবলৈ ই বাছৰ সংখ্যা বৃদ্ধিৰ বাবে এক দশক দৈৰ্ঘ্যৰ এটি কাৰ্য্যক্ৰম ৰূপায়ণ কৰা হৈছে।
ভাগ হিচাপে ই-বাছ আহৰণৰ কাৰ্য্যক্ৰম
প্ৰতি ভাগত দুবছৰকৈ মুঠ ছটা ভাগত ই-বাছ আহৰণ কৰাৰ প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ জৰিয়তে ২০২৭ লৈ ১০০ খনলৈ ই-বাছৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে।
পথ
প্ৰতি দুবছৰৰ মূৰে মূৰে গুৱাহাটীৰ পৰা কামাখ্যা সংযোগী পথত যথেষ্ট সংখ্যক ই-বাছেৰে সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হয়। ২০২৭ চনৰ শেষলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ টাৰ্মিন্যাল, বেতকুছি, খানাপাৰা মিনি আন্তঃৰাজ্যিক বাছ টাৰ্মিন্যাল, নাৰেংগী, জালুকবাৰী আৰু কামাখ্যা ৰেল ষ্টেশ্যনৰ পৰা কামাখ্যা মন্দিৰলৈ ই-বাছ চলাচলৰ প্ৰস্তাৱ কৰা হৈছে।
অধিক তথ্যৰ বাবে : ক্লিক কৰক।